মোৰাঝাৰত আতক কুখ্যাত ডকাইত
হোজাই জিলাৰ মোৰাঝাৰত এজন কুখ্যাত ডকাইতক আটক কৰিছে মোৰাঝাৰ আৰক্ষীয়ে৷
মোৰাঝাৰ আৰক্ষীয়ে সোমবাৰে নিশা মোৰাঝাৰ থানাৰ অন্তৰ্গত কৰৌৱনি গাঁৱত অভিযান চলাই আটক কৰে তজিম উদ্দিন নামৰ ডকাইতজনক৷
ধৃত লোকজনে ৩০ ছেপ্টেম্বৰৰ নিশা মোৰাঝাৰৰ ৰহমতনগৰত সংঘটিত কৰিছিল ডকাইতি কাণ্ড৷ পিষ্টল দেখুৱাই কফিল উদ্দিন নামৰ ব্যৱসায়ী জনৰ পৰা লুটি নিছিল বৃহৎ পৰিমানৰ ধন৷মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই তজিম উদ্দিনক আটক কৰিছে যদিও এই ডকাইতিত জড়িত আন বহুকেইজন এতিয়াও পলাতক হৈ আছে৷মঙ্গলবাৰে মোৰাঝাৰ আৰক্ষীয়ে ধৃত লোকজনক শংকৰদেৱৰ নগৰ আদালতত হাজিৰ কৰি দুদিনৰ কাৰনে আৰক্ষীৰ জিম্মাত লয়