আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা

অভাৱনীয় মূল্যবৃদ্ধিৰ মাজতে আজিৰে পৰা ৰাজ্যজুৰি পালন কৰা হ’ব লক্ষ্মী পূজা৷ ধনৰ অধিষ্ঠাত্রী দেৱীক আৰাধনা কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্রান্তত ব্যাপক আয়োজন চলিছে৷ সৌভাগ্য আৰু শান্তিৰ প্রতীক লক্ষ্মী দেৱীৰ আশিস বিচাৰি প্রতিখন দুর্গা পূজাস্থলীত অনুষ্টুপীয়াকৈ হ’লেও আয়োজন কৰা হৈছে এভাগ পূজাৰ৷ আহিন মাহৰ শেষ পূর্ণিমা তিথিত অনুষ্ঠিত লক্ষ্মী পূজাৰ প্রাক্ক্ষণত হঠাৎ সলনি হোৱা বতৰে লক্ষ্মী পূজাত কিছু বিঘিনি ঘটাইছে যদিও পূজাক লৈ ভক্তিপ্রাণ ৰাইজৰ মাজত উৎসাহ অব্যাহত আছে৷ ইফালে, লক্ষ্মী পূজাৰ বাবে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ বজাৰত ভিৰ পৰিলক্ষিত হয়৷ লক্ষ্মী পূজাৰ সা–সামগ্রী ক্রয়ৰ লগতে পৰম্পৰাগতভাৱে ধানৰ সীহ, আল্পনাৰ বাবে বিভিন্ন ৰং ঘৰলৈ আনিবলৈ বজাৰত বহু লোকৰ ভিৰ হয়৷ উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্রান্তত তিনিদিনীয়াকৈও লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷

ক’ৰোনাজনিত পৰিস্থিতিৰ পৰিপ্রেক্ষিতত জাকজমকতা পৰিহাৰ কৰি সম্পূর্ণ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে শাৰদীয় দুর্গোৎসৱ পালন কৰাৰ পিছত ধন, ঐশ্বর্যৰ অধিষ্ঠাত্রী লক্ষ্মী দেৱীৰ পূজা হ’ব ৰাজ্যৰ প্রান্তে প্রান্তে

Leave A Reply

Your email address will not be published.