অসমৰ ছবিগৃহৰ জড়তা ভাঙিব ‘লাইফ ইন এ পাপেট’-এ

ক’ভিডকালীন পৰিৱেশৰ পাছত মুকলি হোৱা ছবিগৃহসমূহ ক্ৰমাৎ প্ৰাণ পাই উঠিছে৷ কৰ’নাই কোঙা কৰা অসমৰ চিত্ৰগৃহত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ’ব অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’। ছবিখনৰ পৰিচালক ৰাজেন দাস।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নাৰায়ণ ডেকা, আশা বৰদলৈকে ধৰি বহুকেইজন শিল্পীয়ে৷ লগতে ছবিখনত সংগীত পৰিচালনা কৰিছে তৰালী শৰ্মাই। উল্লেখ্য যে, বিগত কেইমাহত ছবিখনে কেইবাখনো মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ খিতাপ অৰ্জন কৰাৰ লগতে বিভিন্ন শিতানত প্ৰায় ৩০টা পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

২২ অক্টোবৰত গুৱাহাটীৰ মেট্ৰিক্স চিনেমাত প্ৰিমিয়াৰ হ’ব ছবিখনৰ। পুতলা নাচৰ শিল্পীসকলৰ জীৱন-সংগ্ৰাম আৰু লগতে অসমৰ পুতলা নাচক ‍বিশ্ব প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰাৰ মানসেৰে পৰিচালক ৰাজেন দাসৰ এই প্ৰচেষ্টা। মুঠ ৯টাকৈ ছবিগৃহত মুকলি হ’ব এই ছবিখন৷

Leave A Reply

Your email address will not be published.