বটদ্ৰৱাত নিশা ডকাইতৰ লুটপাত

বটদ্ৰৱা থানৰ সমীপতে বুধবাৰে নিশা ডকাইতি কাণ্ড সংঘটিত হয়। অকলসৰে থকা এজন বৃদ্ধক দুজনীয়া ডকাইতৰ দলে বান্ধি লুটপাত কৰে। বটদ্ৰৱা থানৰ নিচেই সমীপৰ সৰুহিছা গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তুৱাৰাম কলিতা(৭৮) ই নিশা ২ বজাত প্ৰেচাব কৰিবলৈ উঠাৰ সময়তে দুজনীয়া ডকাইতৰ দলে সংগোপনে ঘৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰ(ডেগাৰ) দেখুৱাই হাত বান্ধি লৈ লুটপাত চলাই। ডকাইতে শোৱনি কোঠাৰ টেবুলৰ ড্ৰয়াৰৰ পৰা এহেজাৰ টকাৰ লগতে ত্ৰিশ হাজাৰ টকা মূল্যৰ এটা স্মাৰ্ট ফোন, টৰ্চ আদি সামগ্ৰী লুট কৰি লৈ যায়। ঘটনা সন্দৰ্ভত ইতিমধ্যে বটদ্ৰৱা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.