কাৰ্বি আংলংত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন
কাৰ্বি আংলঙত আৰক্ষীৰ অভিযানত নিতৌ জব্দ হৈ আছে নিষিদ্ধ ড্ৰাগছ। যোৱানিশা বোকাজান মহকুমাৰ লাহৰীজানত আৰক্ষীৰ তালাচীত নৈশ বাছৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ হেৰ’ইন। লাহৰিজান পহৰা চকীৰ টহলদাৰী দলে এক গোপন তথ্যৰ ভিত্তিত ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী AR-20- 2700 নম্বৰৰ নৈশবাছত তালাচী চলাই হেৰ’ইনভৰ্তি ৪৮টা চাবোনৰ বাকচ জব্দ কৰাৰ লগতে বাবু সিং আৰু ককিল সিং নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।