পৰ্ন ভিডিঅ’ চাবলৈ অমান্তি হোৱা বাবেই ৬ বছৰীয়া কন্যাক হত্যা তিনি কিশোৰৰ

জঘন্য, নৃশংস, পাশৱিক… এইখন অসমতে এনে এক ঘটনা সংঘটিত হ’ল যি ঘটনা বৰ্ণনা কৰিবলৈ পৃথিৱীৰ আটাইতকৈ ঘৃণনীয় শব্দবোৰ আনিলেও কম হ’ব। পৰ্ন ভিডিঅ’ চাবলৈ অমান্তি হোৱা বাবেই এটি ৬ বছৰীয়া কন্যা শিশুক নিৰ্মমভাৱে হত্যা কৰিলে তিনিটা শিশু-কিশোৰে। বিশ্বাস কৰিবলৈ টান এনে ঘটনাই এইবাৰ সংঘটিত হৈছে। ৰূপালী ৰবিদাস নামৰ এগৰাকী ৬ বছৰীয়া শিশুয়ে পৰ্ণ ভিডিঅ’ চাবলৈ অমান্তি হোৱা বাবেই শিশুটিক নিৰ্মমভাবে প্ৰহাৰ কৰি হত্যাে কৰে আন তিনিটা শিশুৱে।

এই জঘন্যতম ঘটনাটো সংঘটিত হৈছে কলিয়াবৰৰ বামুণীৰ মথৌখাটত। ৰূপালী ৰবিদাসৰ মৃতদেহ সোমবাৰে বিয়লি ঘৰৰ সন্মুখত থকা বজৰং শিলৰ কোৱেৰীত উদ্ধাৰ হৈছিল। কোৱেৰীটোৰ শৌচালয়ত উদ্ধাৰ হৈছিল মৃতদেহটো। মৃতদেহৰ বিভিন্ন স্থানত চোকা অস্ত্ৰৰ আাঘাতৰ চিন স্পষ্ট হৈ আছিল। হত্যাকাণ্ড সন্দৰ্ভত অভিযান চলাই হত্যাকাণ্ডত জড়িত দুজন ১১ বছৰীয়া কিশোৰ আৰু এটা ৮ বছৰীয়া শিশুক বুধবাৰে আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে।

আৰক্ষীৰ আগত তিনি হত্যাকাৰীয়ে স্বীকাৰোক্তি দিছে যে ৰূপালীয়ে সিহঁতৰ সৈতে পৰ্ন ভিডিঅ’ নোচোৱাৰ বাবেই তাইক হত্যা কৰে তিনিও মিলি। হত্যা কৰাৰ পিছত সিহঁতে ৰূপালীৰ মৃতদেহ পেলাই দিছিল শিলভঙা উদ্যোগটিৰ শৌচালয়ত। নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰতাতে কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অনাৰ লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে অভিযুক্ত তিনি শিশু কিশোৰক। সম্প্ৰতি তিনিও শিশুকে পুনৰ সংস্থাপন ন্যায়ালয়ৰ বিশেষ তদাৰক কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে৷

Leave A Reply

Your email address will not be published.