শাৰদীয় দুর্গোৎসৱৰ পাছতেই ৰাজ্যত পুনৰ ক’ভিডৰ সংক্রমণ বৃদ্ধি পাবলৈ ধৰাক লৈ ৰাজ্যবাসী উদ্বিগ্ন গৈ পৰাৰ সময়তে ক’ভিডক লৈ জনসাধাৰণক সতর্ক কৰি দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শনিবাৰে তামুলপুৰত নির্বাচনী সমাৱেশৰ সভাস্থলীৰ পৰাই মুখ্যমন্ত্রী ড০ শর্মাই জনসাধাৰণক ক’ভিড শেষ হোৱা বুলি নাভাবিবলৈ সকীয়নি দি সকলোকে ক’ভিডৰ ভেকচিন লোৱাৰ আহ্বান জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নির্বাচন আহিব আৰু যাব৷ কিন্তু জনসাধাৰণে যেন ক’ভিডৰ ভেকচিন ল’বলৈ নাপাহৰে৷
ইপিনে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই শনিবাৰে সাংবাদিকৰ আগত কয় যে প্রতিদিনে ক’ভিডৰ সংক্রমণ ১,০০০লৈ বৃদ্ধি পালে চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷ নির্বাচন থাকক বা নাথাকক ক’ভিডৰ সংক্রমণ বৃদ্ধি পালে চৰকাৰে ব্যৱস্থা ল’বই৷ নির্বাচনৰ লগত ক’ভিডৰ কোনো সম্পর্ক নাই৷ উপ–নির্বাচনৰ ক্ষেত্রতো দেশৰ নির্বাচন আয়োগে ক’ভিড বিধি অনুসৰি নির্বাচন অনুষ্ঠিত কৰিছে৷
ক’ভিডৰ দুটা ভেকচিন লোৱা লোককহে নির্বাচনৰ কামত আয়োগে নিয়োজিত কৰিছে৷ ইফালে বিদ্যালয় খোলাৰ প্রসংগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে ৰাজ্যখনত ক’ভিডৰ সংক্রমণৰ হাৰ নিম্নগামী হোৱা বাবেহে বিদ্যালয়সমূহ খোলা হৈছে৷ নহ’লে এটা প্রজন্ম পংগু হৈ যাব৷ তদুপৰি শিশুৰ ক্ষেত্রত ক’ভিডৰ সংক্রমণৰ সম্ভাৱনা যথেষ্ট দুর্বল বুলি ইতিমধ্যে বিজ্ঞানীসকলে কৈছে৷
ইপিনে কালিৰ দিনটোত ৰাজ্যখনত নতুনকৈ ৩২৪জন লোক ক’ভিডত আক্রান্ত হোৱাৰ লগতে ৩জন লোক মৃত্যুমুখত পৰে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি শনিবাৰে অসমত ৩৯,৭৬৮জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়৷ ইয়াৰে ৩২৪জন লোকৰ দেহত পজিটিভ ধৰা পৰে৷ শনিবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ৮৮জন, বৰপেটা জিলাৰ ৫০জন, যোৰহাট জিলাৰ ১৮জন, কামৰূপ, শোণিতপুৰ জিলাৰ ১৭জনকৈ, লখিমপুৰ–নলবাৰী জিলাৰ ১৫জনকৈ, ডিব্রুগড়–গোলাঘাট জিলাৰ ১৪জনকৈ লোক আছে৷ দিনটোত আক্রান্তৰ হাৰ ০.৮১ শতাংশ৷ আনহাতে, শনিবাৰৰ দিনটোত ক’ভিডত আক্রান্ত হৈ ডিব্রুগড়, গোলাঘাট আৰু শোণিতপুৰ জিলাত এজনকৈ লোকৰ মৃত্যু হয়৷ ৰাজ্যখনত বর্তমান সুস্থতাৰ হাৰ ৯৮.৩৭ শতাংশ৷