” বদৰউদ্দিন আজমল যেতিয়ালৈকে প্ৰাসংগিক হৈ থাকিব তেতিয়ালৈকে অসমত বিজেপিৰ চৰকাৰ হৈ থাকিব।”- লুৰিণ জ্যোতি গগৈ

” বদৰউদ্দিন আজমল যেতিয়ালৈকে প্ৰাসংগিক হৈ থাকিব তেতিয়ালৈকে অসমত বিজেপিৰ চৰকাৰ হৈ থাকিব।”- লুৰিণ জ্যোতি গগৈ। “বদৰুদ্দিন আজমল চাহাবৰ মুখ দেখুৱাই বিজেপিৰ ভোট লোৱাৰ অৱসান ঘটিব লাগে।”- লুৰিণ জ্যোতি গগৈ।

অসম জাতীয়তাবাদী পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ গোঁসাইগাঁও বিধানসভা সমষ্টিৰ কামানডাঙ্গাত কংগ্ৰেছৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্তব্য কৰে যে, ” বদৰউদ্দিন আজমল যেতিয়ালৈকে প্ৰাসংগিক হৈ থাকিব তেতিয়ালৈকে অসমত বিজেপিৰ চৰকাৰ হৈ থাকিব। আজমল চাহাবে যদি উগ্ৰ সাম্প্ৰদায়িক কথা কয়, পিছদিনা RSS, বজৰং দলে হিন্দুত্ববাদী কথা কয়। বিজেপি আৰু এআইইউডিএফ দুয়ো হিন্দু- মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে। কিন্তু ভিতৰে ভিতৰে দুয়োৰে প্ৰেম  মিলাপ্ৰীতি আছে। আগন্তুক দিনত বিজেপিক অসমৰ পৰা উৎখাত কৰিব লাগিব।

লুৰিণজ্যোতি গগৈয়ে লগতে কয়,  সাম্প্ৰদায়িক AIUDF দলৰ লগত BJPৰ গোপন বুজাবুজি আছে। বদৰুদ্দিন আজমল চাহাবৰ মুখ দেখুৱাই বিজেপিৰ ভোট লোৱাৰ অৱসান ঘটিব লাগে আৰু গোঁসাইগাঁওবাসী একত্ৰিত হৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জুৱেল টুডুক ভোট দিব লাগে।আগন্তুক ৩০ তাৰিখত ভোট দিয়াৰ সময়ত বাইকত উঠি গলে ভাবিব পেট্ৰ’লৰ দাম কিমান, ৰন্ধাৰ সময়ত ভাবিব দাইল, খোৱা তেলৰ দাম কিমান আৰু ৰন্ধন গেছৰ দাম কিমান। এইবিলাকৰ কথা ভাবি ৩০ তাৰিখে সকলোৱে ভোট দিবলৈ যাব।

Leave A Reply

Your email address will not be published.