গাড়ীৰ গতিবেগ নিৰ্ণয় কৰিলে ৰাজ্য চৰকাৰে

ৰাজ্যিক ঘাইপথ সমূহ সৰ্বনিম্ন গতিবেগ ২০ কিলোমিটাৰ ধাৰ্য কৰা হৈছে। গুৱাহাটীৰ বাবেও এই নিৰ্দেশনাত গতিবেগৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰিছে। গুৱাহাটীৰ পথ বিভাজক থকা পথ সমূহত প্ৰতি ঘণ্টাত ৫০ কোলিমিটাৰতকৈ অধিক গতিত যান-বাহনসমূহ চলাচল কৰিব পাৰিব। পথ বিভাজক নথকা গুৱাহাটীৰ পথসমূহত প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ বেগত যানবাহন চলাচল কৰিব পাৰিব।

গুৱাহাটী মহানগৰৰ উপৰিও ৰাজ্যৰ অন্যান্য নগৰ এলেকাতো যান-বাহন চলাব লাগিব প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ বেগত। অৱশ্যে এয়া এক খচৰা অধিসূচনাহে। এই নিৰ্দেখনাৰ ওপৰত সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে লোকনিৰ্মাণ বিভাগক নিজৰ ওজৰ আপত্তি তথা পৰামৰ্শ আগবঢ়াব পাৰিব। অচিৰেই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ বাবেও গতিবেগ নিৰ্ধাৰণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.