দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘খেল ৰত্ন’ৰ বাবে মনোনীত হৈছে অসম কন্যা লাভলীনা বৰগোহাঁই। অলিম্পিক ব্ৰঞ্জ বিজয়ী বক্সাৰ লাভলীনাৰ লগতে ২০২১ বৰ্ষৰ ‘খেল ৰত্ন’ সন্মানৰ বাবে মনোনীত হৈছে দেশৰ সৰ্বমুঠ ১১ গৰাকী ক্ৰীড়াবিদ।
লাভলীনাৰ লগতে ২০২১ বৰ্ষৰ মেজৰ ‘ধ্যানছান্দ খেল ৰত্ন বঁটা‘ৰ বাবে মনোনয়ন লাভ কৰিছে অলিম্পিক স্বৰ্ণ জয়ী গ’ল্ডেন বয় নীৰজ চোপ্ৰা, মল্লযুঁজাৰু ৰবি দহীয়া, হকী খেলুৱৈ পি আৰ শ্ৰীজেছ, ফুটবলাৰ সুনীল চেত্ৰী, ক্ৰিকেটাৰ মিতালী ৰাজ, পেৰা বেডমিণ্টন খেলুৱৈ প্ৰমোদ ভগত, সুমিত আণ্টিল আৰু কৃষ্ণ নাগৰ, পেৰা শ্বুটিং খেলুৱৈ অৱনী লেখৰা আৰু এম নৰোৱালে