পাৰ হ’ল ১৩টা বছৰঃ অভিশপ্ত ৩০ অক্টোবৰ

আজি ৩০ অক্টোবৰ। অসমত সংঘটিত ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই আজি ১৩টা বছৰ সম্পূৰ্ণ কৰিলে। শিশুকে ধৰি ৯০ জনতকৈয়ো অধিক লোকৰ প্ৰাণ লোৱা এই নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও ভুক্তভোগী পৰিয়ালৰ লগতে প্ৰতিজন মানৱ দৰদী লোকৰ অন্তৰ সেমেকাই তোলে।

২০০৮ চনৰ ৩০ অক্টোবৰৰ পুৱা বিদ্ৰোহী সংগঠন এন ডি এফ বি(ৰঞ্জন দৈমাৰী)-এ গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীসহ ৰাজ্যৰ কোকৰাঝাৰ, বৰপেটাৰোড, বঙাইগাঁৱত সংঘটিত কৰিছিল ধাৰাবাহিক বিস্ফোৰণ।

উল্লেখ্য যে, এই ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত বিদ্ৰোহী সংগঠন এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছে। ঘটনাৰ তদন্ত কৰি দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চিবিআইয়ে। চাৰ্জশ্বীটত আছিল ২২ জনৰ নাম। ২২ জনৰ ভিতৰত ৭ জন আছিল পলাতক। বাকী আদালতত উপস্থিত থকা ১৫ জনৰ ভিতৰত ১৫ জনকে দোষী সাব্যস্ত কৰিছিল আদালতে

Leave A Reply

Your email address will not be published.