“তুলসীৰ তলে মৃগ পহু চৰে / তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে”। আজি কাতি বিহু।

তুলসীৰ তলে মৃগ পহু চৰে / তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে”। আজি কাতি বিহু। দুৰ্গোৎসৱৰ অপাৰ উদ্দীপনাৰ মাজতে এখুজি দুখুজিকৈ অসমীয়াৰ মাজলৈ আহিল হেঁপাহৰ কাতি বিহুটি। এই বিহুটিক আদৰিবলৈ এতিয়া প্ৰতিজন অসমীয়া ব্যস্ত হৈ পৰিছে। প্ৰতিঘৰ অসমীয়াই পুৱাৰে পৰা ঘৰ-দুৱাৰ চাফ-চিকুণ কৰি ঘৰৰ চোতালত তুলসী পুলি ৰোৱা নাইবা পূৰ্বৰে পৰা থকা তুলসীৰ তল ভালদৰে মচি কাচি থোৱাত ব্যস্ত হৈ পৰিছে। তুলসীৰ ভেটি সজাত ব্যস্ত এতিয়া অসমীয়া লোক।কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ–দুৱাৰ, আলি–পদূলি পৰিষ্কাৰ–পৰিচ্ছন্ন কৰে। ঘৰৰ চৌপাশ সাৰি-মচি, ঘাঁহ-বন চিকুণাই সুন্দৰ কৰি থয়। লোকবিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ–দুৱাৰ, চোতাল–পদূলি চফা হৈ থাকিলেহে লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে আৰু আশীৰ্বাদ প্ৰদান কৰে।

এতিয়া প্ৰতিজনেই তুলসীৰ তল চাফ-চিকুন কৰি বোকা-পানীৰে মচি সজাই-পৰাই তুলিছে। সন্ধিয়া এই তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালিৰ সন্মুখত মাটিৰ চাকি জ্বলোৱা হয়। চাকি জ্বলোৱাৰ উদ্দেশ্যে দিনৰ ভাগতে মাটিৰ চাকি আৰু শলিতা যোগাৰ কৰি থয়। গাঁৱৰ কিছু অঞ্চলত চহা অসমীয়াই মাটিৰ চাকিৰ সলনি অমিতা ফালি বা ঔটেঙাৰ বকলাও ব্যৱহাৰ কৰে। আজি ৰাজ্যবাসীয়ে আই লক্ষ্মীক পূজা কৰিব। তুলসীৰ তলত চাকি দি ঘৰৰ সকলো অপায় অমংগল দূৰ কৰি সুখ আহিবলৈ প্ৰাৰ্থনা জনাব।মাহ-প্ৰসাদ-ফলমূলৰ শৰাই এখনিও দিব। কোনো কোনোৱে যাৰ সাধ্য আছে তেওঁলোকে বিহু বুলি দুই এখন পিঠাও ভাজিব।

এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়।কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়। ”তুলসী তুলসী অ’ আই তুলসী / তুমি গোবিন্দৰ প্ৰিয়া / তোমাক পূজিঁছো আই অ’ তুলসী / শান্তি অকণি দিয়া।” অসমীয়া জাতীয় জীৱনত কাতি বিহুৰ যথেষ্ট তাৎপৰ্য্য আছে। জাতীয় জীৱনত কাতি বিহুৰ পৰম্পৰাই অসমীয়া সমাজখনৰ পৰিচয় দাঙি ধৰিছে। এই বিহুৰ স’তে জড়িত অনেক লোকাচাৰে অসমীয়া জাতিৰ সামাজিক সাংস্কৃতিক জীৱনক সমৃদ্ধ কৰি ৰাখিছে।

Leave A Reply

Your email address will not be published.