ৰাষ্ট্রীয় সাঁতোৰ প্ৰতিযোগিতাত অব্যাহত অসমৰ জয়যাত্ৰা, তৃতীয়দিনাও দুটাকৈ স্বৰ্ণসহ ৫টা পদক

ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা সাঁতোৰ প্ৰতিযোগিতাত জুনিয়ৰ আৰু ছিনিয়ৰ দুয়োটা শাখাত পূৰ্বৰ অভিলেখ ভংগ কৰিলে শিৱসাগৰৰ জীয়ৰী আস্থা চৌধুৰীয়ে৷ অলপতে বাংগালুৰুত অনুষ্ঠিত হোৱা ৪৭ সংখ্যক গ্লেনমাৰ্ক জুনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত ১০০ মিটাৰ বাটাৰ ফ্লাই শিতানত ১.০২.৭১ সময় সাঁতুৰি অভিলেখ গঢ়িবলৈ সক্ষম হয় অসম কন্যাগৰাকীয়ে৷

আনহাতে, প্ৰতিযোগিতাখনত শৌৰ্য চাংমাইয়ে ১০০ মিটাৰ বাটাৰফ্লাইত ব্ৰঞ্জ, বিক্ৰম চাংমায়ে ২০০ মিটাৰ বাটাৰফ্লাইত ৰূপ, আনাশা শৰ্মাই ১০০ মিটাৰ বাটাৰফ্লাইত ৰূপ আৰু আস্থা চৌধুৰীয়ে ২০০ মিটাৰ বাটাৰ ফ্লাইত ব্ৰঞ্জৰ পদক লাভ কৰে৷ মাত্ৰ ১২বছৰৰ পূৰ্বে উক্ত শিতানত ১.০৩.২৪ ছেকেণ্ড সময় লৈ গঢ়া ছিনিয়ৰ শাখাত এটা যুগৰ পাছত এই নতুন অভিলেখ গঢ়ি তোলে খেলুৱৈগৰাকীয়ে৷ সেইদৰে একেই শিতানত জুনিয়ৰ ৰেকৰ্ডৰ সময় আছিল ১.০৪.৬৬ছেকেণ্ড।

আনহাতে, প্ৰতিযোগিতাখনত শৌৰ্য চাংমাইয়ে ১০০ মিটাৰ বাটাৰফ্লাইত ব্ৰঞ্জ, বিক্ৰম চাংমায়ে ২০০ মিটাৰ বাটাৰফ্লাইত ৰূপ, আনাশা শৰ্মাই ১০০ মিটাৰ বাটাৰফ্লাইত ৰূপ আৰু আস্থা চৌধুৰীয়ে ২০০ মিটাৰ বাটাৰ ফ্লাইত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। অসম দলৰ হৈ জুনিয়ৰ শাখাত শিৱসাগৰৰ অন্বেষা খনিকৰ ( ১০০ মিটাৰ বাটাৰফ্লাই) আৰু ছাব জুনিয়ৰ শাখাত আদ্ৰিজাৰাণী চেতিয়াই( ৫০ মিটাৰ বেষ্টষ্ট্ৰ’ক) সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমানলৈকে অসমে ৭টা সোণ, ৫টা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ ১৬টা পদক লাভ কৰিছে৷ ভাৰতীয় সাঁতোৰ সংস্থাৰ উদ্যোগত বাংগালুৰুৰ বাচনগুৰিত ১৯ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ অনুষ্ঠিত হ’ব এই চূড়ান্ত পৰ্যায়ৰ খেলখন৷

Leave A Reply

Your email address will not be published.